ফকৰা যোজনা:-
"ভাল কাপোৰ নষ্ট হয় জাপত
পুত্ৰ নষ্ট হয় নুসুধি বাপত"।।
দিনাংক
২৩/০৬/২০২৪(দিও বাৰ)
আব্দুল মজিদ🖋️
উপৰোক্ত আলোচ্য বিষয়ৰ বিশ্লেষণ কৰাত মোৰ ক্ষুদ্ৰ প্ৰয়াস____
মই ক'ব বিচাৰোঁ যে ইয়াত আমি কেৱল বয়সৰ নহয়" Mentaly maturity"হোৱাৰ প্ৰয়োজন আছে বুলি মই ভাৱো (বেক্তিগত মন্তব্য মোৰ)।
কিয়নো আমি নিজকে বয়স হোৱাৰ লগে লগে স্বাধীন বুলি ভাৱো, য'ত সিদ্ধান্তবোৰ আমি নিজেই ল'ব পাৰো সকলো নিজৰ মতে সঠিক আৰু ভাল বুলি। অনুষ্ঠান-প্ৰতিষ্ঠান,পাৰ্টি, উৎসৱ-পাৰ্বন আৰু সকলো সময়ত ব্যৱহৃত এইবোৰ পৃথক পৃথক আমাৰ বাবে, নহলে মান-সন্মানৰ কথা আহে।
ইয়াত অপব্যৱহাৰৰ কথা আমি নাভাবো !
কিন্তু ভাল বস্তু আমি সাঁচি ৰাখিব লাগে এয়া যে বাস্তৱ। সেই বুলি আমাৰ অজস্ৰ collection বোৰ আমি সযতনে কৰবাত জাপত ৰাখোঁ যেন ভালে থাকে বুলি। পিছলৈ ইটো সিটো কৰোঁতে নতুনত হাত বাকি বোৰ পুৰাণ।
আনহাতে দেউতা বা অভিভাৱক যেন আকাশ সম এটি বট বৃক্ষ, যিজন ব্যক্তিৰ বিশ্লেষণত শেষ নহয়।হেজাৰ মণিষীৰ বানিতকৈ দেউতাৰ দিয়া উপদেশ শ্ৰেয় বুলি মই ভাৱো! য'ত সন্তানৰ জীৱন ভৱিষ্যতৰ আৰ্হি চিন্তা লুকাই থাকে কঠোৰ ব্যৱহাৰ আৰু মন্ত্যবত।যাক আমি তিক্ত বুলি অৱজ্ঞা অবহেলা কৰিলে ফলস্বৰূপে জীৱনত মিলে এটি বিশাল শূণ্য,পথভ্ৰষ্টোতা।
সেয়ে আমি যিমানেই ডাঙৰ নহওঁ কিয় দেউতা বা অভিভাৱক জিয়াই থকা কালিন তেওঁৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী বুলি মই ভাৱো।
আমি যিমানেই জ্ঞানী নহওঁ কিয় সিহঁত আমাৰ বেয়া দিশ কদাপি নিবিচাৰে। হয়তো আপোনাৰ সিদ্ধান্তটোকে আগত ৰাখি just ঠিক বুলি ক'ব।
©AbdulMazid
A