H

ফুলৰ আজন্ম প্ৰেমিক

ফুল তোৰ হাঁহিতে উন্মেষণ এজাক ফাগুণী পছোৱাৰ,
ফুলি থাকোঁতে তোক চাই ভাল লাগে,
মনৰ দুখ এৰিও তই হাঁহি থাক কিদৰে,
কিমান সহিষ্ণুতা তোৰ ?
তোৰ এটা হাঁহিতে মই আপোনপাহৰা হৈ যাওঁ।
ফুলনিৰ কাষতে থাকিম মই ,
মাথোঁ তই ফুুলি থাকিবি ?মোক অভিমান নকৰিবি ,
ফুল মোৰ আজন্ম প্ৰেয়সী,
তই ফুলি থকাটোৱে মোৰ গৌৰৱ।হাঁহি থাকিবি জীৱনৰ সেউজীয়া বিলাই,
ফুলি ফুলি সুগন্ধ বিলাই থাকিবি।এদিন তোৰ মাজত মই আত্মহাৰা হৈ পৰিম,
ফুলা দিনৰ পৰাই তোৰ নতুন জন্ম,
এই বিশেষ দিনৰ শুভকামনা সদায় লগত আছে ,
ফুলি থাক,মই লগত থাকিম।
-হিল্লোল ভৰদ্বাজ
©Hillol 123