M

poem in assamese

আহিনৰ মাদকতা
মোৰ হেঁপাহৰ আহিন আহিল
সুমথিৰা বৰণৰ আবেলিটিয়ে
সৌৱা আহিনৰ ৰং সানিছে ।
সেউজীয়া পথাৰ খনি হৈ পৰিছে যৌৱনমতী
শৰতৰ বুকুৰ উষ্ম পৰশত মন হৈ পৰে সেউজীয়া ।
আহিনে সিঁচি দিছে আশাৰ বতৰা
শৰতে বোৱাই আনিছে মনৰ মেল ।
আহিনৰ সোণোৱালী ৰদ
বিয়পি পৰিছে চাৰিও দিশ
আহিনৰ সেই আপোন আপোন লগা গোন্ধত
কঁহুৱা জনী ও হৈ পৰিল প্ৰাণ চঞ্চলা
তুমি সিঁচি দিয়া সেউজীয়া খিনিক বুকুত সাৱটি
মই ও হৈ পৰিলোঁ সেউজী উতনুৱা।

মন্জুষা দেৱী
©mnjusha