K

##প্ৰেমৰ জোঁৱাৰ##

✒️কংকনা দাস
এয়া চোৱা
হৃদয়ত আকৌ কঁহুৱা ফুলিছে ,
তুমি অহা বাবেই আকৌ এবাৰ
শৰৎ নামিছে ,
আবতৰীয়া প্ৰেমবোৰো বৰষা হৈ নামিছে ।
বেদনাৰে জৰ্জৰিত মনটি সজীৱ ৰূপত
জী উঠিছে ,
আকৌ নৃত্যৰত হৈছে মোৰ যৌৱন।
ভ্ৰান্ত অনুভুতিবোৰে
আকৌ এবাৰ আক্ৰমণ কৰিছে মোক ।
বতাহৰ চঞ্চলা পৰশকে
আজি তোমাৰ স্পৰ্শ বুলি বাউলি মই।
তুমি আঁতৰত বাবেই
জোনাকতেই বিচাৰি চাইছো তোমাক ।
একেখন আকাশৰ তলতেই তুমি মই ,
এটা জোনৰ পোহৰতে
উদ্ভাসিত আমাৰ মৰমবোৰ।
এই যেন এক উত্তাল ঢৌ ।
উত্তাল জোঁৱাৰ ।
©kangkana