A

॥ {প্ৰেতাত্মা} ॥ 🖋অতুল

মই, প্ৰেতাত্মা !!!
অশৰীৰীৰ যোগাত্মক ধাৱক ।
আন্ধাৰ নিশা ভাল পাওঁ ।
পৃথিৱীৰ পোহৰক ঢ়াকি ,
নিমিষতে, ক'লা-বগা , ৰঙৰ
সমাহাৰৰ প্ৰলেপ সানি,
আপোনাক, অন্য দিশলৈ ,
গতি কৰাই নিব পাৰোঁ ।
মাজে মাজে , দুৱাৰৰ কাষত ৰৈ,
দীঘল চুলি মেলি, আধা দেখা
জ্বলন্ত, দেহৰ , কেঁচা কেঁচা মাংসৰ
গোন্ধই, আপোনাক আন্ধাৰ নিশা হৃদপিণ্ড
ক্ষন্তেকীয়া সময়ৰ বাবে বন্ধ কৰি দিব পাৰো,
মোৰ নামেই প্ৰেতাত্মা ।
মই সকলোতে আছোঁ,
মই, অশৰীৰীৰ আত্মা ,
সাবধান, মোক কেতিয়াবা লগ পাব পাৰে!!!
©atulgogoi