M

ৰঙা দস্তাবেজ

দপদপাই জ্বলি উঠিছে একোৰা জুই,
জনতাৰ মনৰ দুৱাৰদলিত!
ক্ৰোধবোৰৰ বিস্ফোৰণ হৈছে হৃদয়ত,
ফিৰিঙতিবোৰে জগাইছে শুই থকা চেতনা বোৰক।
সৌ ভদ্ৰতাৰ মুখা পিন্ধা নেতাবোৰে
দিছে উন্নয়নৰ নামত অপবাদ,আৰু
প্ৰগতিৰ নামত আভুৱা ভৰা প্ৰতিশ্ৰুতি।
সিহঁতৰ দেহৰ পৰা ভাঁহি আহিছে,
শোষণ - ভ্ৰষ্টাচাৰৰ কেচেমা - কেচেম গোন্ধ।
ৰাজপথৰ আন্দোলন নহয় সমাধান সমস্যাবোৰৰ,
মাথো পৰিবেশ নষ্টৰ অন্য এটি নাম!
তেজাল ডেকাক হত্যা কৰি ৰাজপথ ৰাঙলী
কৰোৱা দেখোন সিহঁতৰ লৰা - ধেমালিৰ খেল।
দিনৰ ৰাজপথত চিঞৰি সিহঁত জাতীয় নেতা
আৰু ৰাতি হলে...........?
শোষণ মানে দেখোন আত্মপোষণ
আৰু আত্মীয়ৰ স্বজন - তোষণ!
ভ্ৰষ্টাচাৰ মানে লুটি খোৱা শিষ্টাচাৰ
অহৰহ এৰিছে সিহঁতে দুৰ্নীতিৰ বিষবাস্প
যিয়ে কোঙা কৰি এৰিছে,
সাধাৰণ খাটি খোৱা ৰাইজক।
বাতৰি কাকত - টিভিৰ বিজ্ঞাপন বোৰতো,
নিচাযুক্ত সামগ্ৰীবোৰহে শীৰ্ষত।
গেলামালৰ সামগ্ৰীৰ দৰে বিক্ৰী কৰে মগজু,
তথাপিও আত্মগৌৰবেৰে নিজকে কয়
"কিহবাৰ" চতুৰ্থ স্তম্ভ বুলি ।
ন্যায় বিচাৰি কাৰ ওচৰত যাব...?
ন্যায়ধীশ জনেও চোন কেছটোৰ ভৱিষ্যতবাণী
জানিবলৈ জ্যোতিষৰ(নেতা) ওচৰত যায়।
এনেদৰেই আজিকালি সকলো সম্ভৱ,
যদি আপোচ কৰিবলৈ জানে আপুনি!
✍️ Mrinmoy
©Minaram