সৌন্দৰ্য্য
✍অতুল চন্দ্ৰ গগৈ ।
সকলোৰে ভাল লগা এটি শব্দ।
"সৌন্দৰ্য্য"- সু-সুন্দৰ-সুৰভি-আনন্দ- আৰু
মুগ্ধ, মোৰ মনৰ বিবেচ্য ।
সুন্দৰৰ পৃথিৱীত সকলোৱেই সুন্দৰ ।
দেহৰ সুন্দৰত বুৰে কিছু সমাজে ।
বুৰে কিছু, বন্ধু-বান্ধবীয়ে।
বাহিৰৰ সুন্দৰৰ সৌন্দৰ্য্য খন্তেকীয়া,
পলকতে মাৰ যাব পাৰে,
হব পাৰে মনৰ অহংকাৰী-দিব পাৰে
আপোনাক কটু-প্ৰত্যুত্তৰ-অকস্মাতে ।
বাহিৰৰ বগা ৰঙৰ টুপী পিন্ধাই,
লব পাৰে আপোনাক-আৰু মোক আজুঁৰি-নিমিষতে ।
কিন্তূ লাভ নাই-দুদিনৰ বগা ৰঙৰ জোলোঙাত পৰি
(সৌন্দৰ্য্য)- মনৰ সৌন্দৰ্য হে জীৱনৰ বাটত
প্ৰকৃত সৌন্দৰ্য্য, দিব পাৰে আপোনাক আৰু মোক
মনৰ আনন্দ , হব পাৰে, কিছু জীৱনৰ সলনি ।
বগা-ক'লা-উচচ-নিম্ন কি আছে সকলো একেই ।
মাথো ৰঙৰ পৃথিৱী-ভাবৰ সলনি ।
বগা- ৰঙ, ক'লা -ৰঙ - সৌন্দৰ্য্যই
নকৰে বিচাৰ , বিচাৰ কৰে নম্ৰ-ভদ্ৰ , উত্কৃষ্ট
মনৰ, ব্যক্তিৰ বিবেকৰ ভাণ্ডাৰ ।
©atulgogoi
A