ভাৰত মাতৃৰ স্বাধীনতা খমখমীয়া কাগজৰ
বগা বগা ব্ৰিটিছৰ হুকুম নহয়!
নহয় কাৰোবাৰ খাটিৰত গোলামী।
এইয়া নিজ মাতৃৰ ওচৰত, নিজস্ব তেজৰ বলিদান
আগষ্ট ১৫/৪৭ , পৰাধীনতাৰ শিকলি ছিঙি
মুক্ত হোৱা বীৰ শ্বহীদক সোৱৰিম আজি পুনৰ ।
বুকুত সাহস গুজি গাই যাম
ৰাষ্ট্ৰ গান ।
ৰাষ্ট্ৰীয় পতাকাৰ কাষত সন্মান জনাই চিঞৰিম
"বন্দে মাতৰম্ , বন্দে মাতৰম্"
"জয় হিন্দ"......."ভাৰত মা কি জয়"।
" কদম, কদম, চ'ল এক চাথ"
আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক ।
বগা চাহাব উকলিল,
এতিয়া ,চিয়াঁহী বিহীন কলম তহঁত ।
শুনি লবি বূজি লবি......
তেজ দিম দেশৰ হকে ,
জীৱন দিম আই মাতৃৰ বাবে ,
শত্ৰুৰ বিৰুদ্ধে ৰঙা চকু দেখুৱাম ।
সৰ্বোচ্চ উজাৰি ।
"জয় হিন্দ"
🙏
©atulgogoi
A