A

সেইদিনাৰ ৰাতিটো... ।

{১}
সেইদিনাৰ ৰাতিটো
আন্ধাৰ ন'হৈছিল ।
মনে মনৰ ভিতৰত বহু
কথা পাতিছিল ।
{ ২}
খোলা খোলা দৰ্জাখনো
নিমাওমাও হৈ পৰিছিল ।
বাহিৰত, বৰফে আঁবৰা
তোমালোকৰ জিৰণি চৰা টো
শুভ্ৰ দলিচাৰে ভৰি পৰিছিল
তুমি, মোলৈ অপেক্ষা কৰি আছিলা ।
{৩}
মই , তোমাৰ মুখখনি
জোন যেন দেখিছিলো ।
তোমাক ধেমালিতে
জোনবাইৰ দৰে ধুনীয়া বুলি কৈছিলো
তুমি কিন্তূ মোৰ বেঁকা বেঁকা
মৰমবোৰ বুজিয়ে নাপালা।
©atulgogoi