A

শাওণৰ ৰোৱনী তুমি

(শাওণৰ ৰোৱনী তুমি)
✍অতুল চন্দ্ৰ গগৈ ।
আজি শাওণৰ পথাৰত
দুপৰীয়াৰ গৰমত ভাগৰুৱা ৰোৱনী তুমি .
তুমি দেখোঁন আজি,
পথাৰৰ কেঁচা আলিৰ কাষত ৰৈ
দুহাত মেলি চিঞৰিছা মোক
চেনাই ঐ বুলি ।
কিজানিবা ,কাষত তুমি মোক
লগেই পোৱা ।
কিন্তূ, ভাবিনো কি লাভ,
তোমাৰ পিতাই দেখোঁন
পথাৰত গৰুহাল লৈ
এছাৰি ধৰি আছে তোমালৈ চাই ব'হি।
©atulgogoi