A

শেৱালি ।

🖊অতুল গগৈ
মোৰ পদুলিত
ফুলে শৰতৰ শেৱালি ।
নিতৌ মোৰ সৈতে
সংগোপনে কথা পাতে
প্ৰতিটো আবেলি ।
কি যে এই ফুল
তোমাৰ সুগন্ধই
মোৰ মন কৰে ব্যাকুল ।
এই ফুলেই
নিতৌ ফুলাই যায়,
মোৰ আমৰণ কবিতাৰ ফুল।
©atulgogoi