A

{ শীতৰ সেমেকা আবেলি। }

🖋অতুল চন্দ্ৰ গগৈ ।
শীতৰ সেমেকা সময়ৰ আবেলি ,
নামি আহে নিতাল হৈ গধুলি,
পদূলিৰ বকুলৰ তলত ৰৈ চাই দেখো,
চৌদিশে কুঁৱলী।।
মৌনতা বোৰ গুচি যাই কোনোবা দিশলৈ উৰি শীতৰ নিয়ৰত দেহ সেমেকি যায়,
শীতৰ বতৰাৰ সুবাসত নাচোন দুবৰিৰ।
নিয়ৰৰ টোপালৰ লগৰী পায় ।।
ৰাতিৰ জোনাকে কেউফালে পোহৰাই,
নিয়ৰৰ টোপালবোৰ জিলমিলাই....
মনৰ অবসাদ আতৰি যাই ।।
নিশাৰ গভীৰতাত মাথো জোনাকীয়ে ,
মোৰ কাষত আহি নিচুকায়।।
©atulgogoi