আহ্ ! কি যে সুন্দৰ ধ্বনি
যেন বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছে
ক'ত বাৰু বাজিছে
এই বাঁহীৰ সুৰ..??
কোনোবা অচিনা দেশৰ পৰা যেন
ৰিণি ৰিণি ভাঁহি আহিছে
এই সুমধুৰ কণ্ঠ
হয় সৌ ব্ৰহ্মপুত্ৰৰ দুবাহুৰ মাজতে
ডাঙৰ দীঘল হোৱা
মাজুলী আইৰ বুকুৰ পৰাই
ভাঁহি আহিছে এই সুৰ
কিযে সুন্দৰ হৈ পৰিছে
মাজুলী আই
শৰতৰ আগমনে মাজুলী খনক
এক নতুন ৰূপত সজাই তুলিছে
কিছুদিনৰ আগতে বানপানীত
আৰ্তনাদ কৰি উঠা
মাজুলী আইৰ মুখত
আকৌ হাঁহি বিৰিঙিছে
চাৰিওদিশে কহুৱা ফুলিছে
সন্ধ্যাৰ আন্ধাৰে চৌদিশে
শেৱালিৰ সুগন্ধি বিলাই দিছে
দুৰ দুৰণিৰ পৰা ভাঁহি অহা
বাঁহী ডবা শংখৰ সুৰে
মাজুলীক এক অপৰূপ সৌন্দৰ্য্যৰে
গঢ়ি তুলিছে
এয়া যেন ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতত
আৰ্তনাদ কৰি উঠা মাজুলী আই নহয়
শ্ৰীকৃষ্ণই লীলা কৰা
গকুলৰ বৃন্দাবন হে
মন নাযায় নে বাৰু আপোনাৰো
শৰতৰ মাজুলীৰ
এই মনোমোহা ৰূপ চাবলৈ
আহিবচোন এইবাৰ শৰতৰ পূৰ্ণিমা নিশা
চাই যাবাহি এবাৰ
বৃন্দাবনৰ ৰূপ লোৱা
আমাৰ মাজুলীৰখন
©bulbuli
B