K

শৰতৰ শেৱালিৰ মায়া

কতনা প্ৰেমৰ মালা গাঁথা তুমি শেৱালি ,
শৰতৰ মাধুৰী তুমি
দেৱতাৰ অৰ্ধাংগিনী।
তোমাৰ সুবাসেৰে জিলিকা
মোৰ আইৰ পদূলি,
আজি উদুলি মুদুলি ।
তেওঁ আজি আহিব জানা ,
তোমাৰ আশীৰ্বাদৰ ধূলিৰে
আজি আমাৰ মিলন হ'ব।
ধন্য শৰৎ।
ধন্য ‌শেৱালি।।
©kangkana