A

শয়নে সপোনে মাথোঁ তোমাৰ ছবিটি

তোমাৰ সৌন্দৰ্য্য কিম্বা দেহৰ সৈতে
মোৰ প্ৰেম হোৱা নাছিল কোনোকালে
পৰিভ্ৰমী চৰাইৰ দৰে অতিথি আছিলা
যদিওঁ..
মোৰ হৃদয় বাকৰিত অঙ্কিত আজিও
শয়নে সপোনে মাথোঁ তোমাৰ ছবিটি ।
তোমাৰ আত্মাৰ স'তে মোৰ আত্মাৰ
গঢ়িছে এক আমৰণ সম্পৰ্ক ,
কোনো বৰদৈচিলা কিম্বা লোক আশঙ্কাই
ছিঙিব নোৱাৰে যাক
তোমাৰ মোৰ মৰমৰ এনাজৰী ।
এই যৌনতাৰ নগৰত
প্ৰেম যদিওবা মাংস বিলাসী
তোমাৰ নামতেই আজিও প্ৰেমাসক্ত
তোমাৰ বিশ্বাস আকোঁৱালি কৈছো,
"মোৰ শয়নে সপোনে মাথোঁ তোমাৰ ছবিটি।"
এই শীত ৰজনী
কতো চিঠি লিখিছোঁ তোমালৈ বেনামী
ছাদত বহি আকাশপিনে চাই
তাৰকাপুঞ্জৰ মাজত তোমাৰ সন্ধান
কেতিয়াবা হাঁহিছো
কেতিয়াবা আৰ্তনাদেৰে এক হুমুনিয়াহ কাঢ়ো
ৰঙীন সপোনৰ ফুল ফুটাই
মোক একাকিত্ব কৰি
তুমি তো ঠিকেই আজি সুখ নিদ্ৰাত
তুমিহীন যাযাবৰী মই
কথা যে নাছিল এনে সপোন সজাৰ ।
কলিজাত তিৰবিৰাই
আজিও তোমাৰ সেই মায়াৱী হাঁহি
হেৰুৱাৰ বেদনাত নিঃশব্দে চকুলো তিয়াই
হৃদয়ত বাজে স্মৃতি ঝংকাৰ
শয়নে সপোনে মাথোঁ তোমাৰ ছবিটি।।
🖋️ আব্দুল মজিদ
নলবাৰী
©AbdulMazid