J

স্মৃতিৰ পৃষ্ঠাট মাথো তুমি

বহু দিন হ'ল, তোমাৰ মাতটো নুশুনা ।
কিয় জানো ,
আজিকালি মনটোৱে একেবাৰে নুবুজে।
তোমাৰ স্মৃতিবোৰে বাৰে বাৰে আমনি কৰেহি।
হৃদয়ৰ কোনোবা এটা কোণত যেন
আজিও তুমি ওমলী আছা মোৰ সেই
আধৰুৱা সপোন বোৰৰ সৈতে ।
দিন বোৰ নাযায়, ৰাতিবোৰ পাৰ নহয় ,
কি যে অনুভৱ, তোমাৰ অনুভূতি বোৰ ।
পাগল কৰি তোলে দেই,
সেই তোমাৰ সৈতে কটোৱা
প্ৰতিটো মূহুৰ্তৰ কথাই ।
ভূল নুবুজিবা, সচাঁ কৈছো;
হয়টো জীৱন বাটত তোমাক পাহৰাৰ চেষ্টাত
মই বিফল হৈছো।
পাৰিলে মোক ক্ষমা কৰিবা ।
তোমাৰ জোন দা।।
✍ জোন গগৈ।
©jungogoi