A

⏲️সময় বৰ নিষ্ঠুৰ🕐

অ....!
সময়ৰ নো সময় ক'ত আমাক দিবলৈ সময়
নাই দুখ নাই ভাগৰ ক্লান্তিহীন সময়
নিজ দায়িত্বে অনবৰত ব্যস্ত
সময়ৰ নো সময় ক'ত ক্ষন্তেক জিৰাবলৈ!
নিৰ্দোষ হৈয়ো দোষী সাব্যস্ত
সময় বৰ নিষ্ঠুৰ বুলি।
কিন্তু কতা.....!
নিজ অলস্যতা নানা অযুহাতেৰে আমি
থাকো সকলোৰেই আঁতৰত লুকুৱাই,
আনক ঠগো বুলি নিজকে ঠগাই
দোষী গঢ়ো ভাগ্য,সময়ক।
আশা বাঢ়ে আমাৰ সপোন বাঢ়ে
ইচ্ছাৰ গতি দুৰ্বল,
দিঠক দেখিলেই কঠিন লাগে
কিন্তু কল্পনাত বিভোৰ,
একেলগে সকলো গোট কৰিলেই
ই হয় যেন জীৱন নাশৰ মূল।
সপোনৰ বীজ ছটিয়াই
আশাৰ কঠিয়া ৰুলেই জানো
শ্ৰমহীন জীৱনে পাহি মেলে?
শূন্যতাৰে বুকু ভৰাই
মিছলীয়া হাঁহিলেই জানো
জীৱনলৈ পূৰ্ণিমা নামে?
স্বল্পায়ুৰ লোকে বিশ্বৰ অন্তিম জানিবলৈ
যুঁযে জীৱন যুঁজত,
শান্তি সুখৰ পৃষ্ঠা খুজোতেই ভাগৰে
অন্তিম হয় জীৱন গ্ৰন্থৰ।
কিন্তু অজ্ঞাত কিছু লোক,
নিৰ্ভিক সৈন্য ৰূপে
অমাৱস্যাত খোজ দিলেই
জোনাকীৰ দেখা পোৱা যায়,
তথাপি আমাৰ বাণী
সময় বৰ নিষ্ঠুৰ বুলি;
সময়ৰ নো সময় ক'ত আমাক দিবলৈ সময়,
সময়ৰ নো সময় ক'ত ক্ষন্তেক জিৰাবলৈ!
ই চোন আমাক সদায়ে কয় টিক্ টিক্ কৈ
আহা মোৰ পিছে পিছে...
এখোজ দুখোজকৈ মোৰ সʼতেই
আগবাঢ়ি যোৱা
ঘুৰিবো জীৱনচক্ৰ সাফল্য পাবা তুমিওঁ
তথাপি দোষী বন্ধু বৰ্গ দোষী হ'ল ভাগ্য
সাব্যস্ত বহুগুণে দোষী
সময় বৰ নিষ্ঠুৰ বুলি।।
📙 আব্দুল মজিদ✍️
©abdulmazid
©AbdulMazid