(সময়)
🖋অতুল গগৈ ।
সময়, মাথো এটি বৃত্ত নহয়।
নহয় মাথো এটি যন্ত্ৰ ।
সময় হ'ল, লগ নোপোৱাৰ এটি দীঘলীয়া বাট।
সময়ৰ, খোজে-খোজে,
জীৱনৰ আঁৰে আঁৰে, সময় উকলি যায়,
মাথো কোনেও গমকে নাপায়।
পাখি লগা সময়ৰ প্ৰতি চেকেণ্ডতে
জীৱন দৌৰি যায়, মৃত্যুৰ দিশে
মাথো , ভাবিবলৈ আহৰি নাই ।
সময় হেনো , তীক্ষ্ণ কাঁৰৰ দৰে,
এবাৰ হাতৰ পৰা এৰি গুচি গ'লে
পুনৰ ঘুৰি নাহে ।
মাথো অনুভৱ হৈ হে দেখা দিয়ে ।
সময় থাকোতেই, সময়ৰ দিশ
খাপ খুৱাই ল'ব লাগে
নিজে নিজে ।
সময় গ'লে কিন্তূ পুনৰ ঘুৰি নাহে ।
(ধন্যবাদ)
©atulgogoi
A