P

সময়ে জানো সলনি কৰিব পাৰে

সময়ে সকলোমানুহকে সলনি কৰে
মাথো দি যায় পাহৰিব নোৱাৰা স্মৃতিবোৰ
যিবোৰ স্মৃতি হিদয়ৰ পৰা মছিবলৈ বৰ কষ্টকৰ,
সেই স্মৃতিবোৰৰ বাবেইতো
তোমাৰ মূখখন ভাহি থাকে মোৰ হিদয়ত।
মই জানো ,তুমি আৰু তুমি হৈ থকা নাই
তুমি এই সময়ৰ বিষাদৰ প্ৰবাহিনীত ,
নিৰবিচ্ছিন্ন হৈ বৈ আছা।
যাৰ বাবে তুমি হয়তো নিজকে হেৰুৱাইছা,
নাজিনো কিয়, আজি মোৰ পৰিৱৰ্তন নোহোৱা তুমিলৈ বৰকৈ মনত পৰিছে
মনত পৰিচে সেই স্মৰনিয় কথা বোৰ,হাঁহি ধেমালিবোৰ আৰু যে কত কি.......
মই জানো তুমি আৰু মোৰ নোহোৱা..
যাৰ সতে মই আশাভৰা সপোন দেখিছিলো,
সেই সপোন বোৰ আধৰুৱা হৈ যাব নি ?
নাথাকিব নি আমাৰ মাজত কোনো ধৰনৰ ...
মই হয়তো কেতিয়াও পাহৰিব নোৱাৰিম তোমাৰ অভিমান ভৰা ৰঙা মূখখন ,😄 যাৰ বাবে মই বাৰে বাৰে তোমাৰ প্ৰেমত
পৰিছিলো , বাৰে বাৰে ডুবি গৈছিলো, তোমাৰ খং মিশ্ৰুিত দুচকোৰ চাৱনিত কিন্তু কি কৰিম!সময়ে তাইক ধৰিৰাখিব নোৱাৰিলে.............😥
তাইক বোলে সময়ে সলনি কৰিলে😕
মোৰ মনে আজি বিচাৰে,তাইৰ
অভিমানি ৰঙা মূখখন আৰু খং মিশ্ৰুিত
সেই চকুৰ চাৱনি।
আৰু যে কৈছিলা, মোক মোৰ দৰে হবলৈ
সেইয়াও ছাগে মই তোমাৰ বাবেই হৈছিলো,
আৰু যে কৈছিলা , তোমাক একে দৰে ৰাখিবলৈ.....কিন্তু নিষ্ঠুৰ সময়ৰ বাবে মই হয়তো নোৱাৰিলো😞
তুমি যেতিয়াই আহিবা মোক মোৰ দৰেই পাবা
নাজানো কিয় , তোমাৰ এইবোৰ মোৰ প্ৰতি থকা....... অভিমান নে ভালপোৱা.......
ঃ- প্ৰিয় প্ৰতিম আৰন্ধৰা
 
©priyoprotm