সময় তই ইমান নিষ্ঠুৰ নে?
সেই যে সম্পৰ্কবোৰ,
আলফুলে গঢ়ি উঠিছিল হে মাত্ৰ।
সেই হাঁহিবোৰ,কথাৰ গুণগুণণিবোৰ
সৃষ্টি হৈছিলহে মাত্ৰ।
আৰু জোকোৱা-জোকোৱিবোৰ!
উফ্ফ্ কাহানিও মচিব নোৱাৰিম।
আকুল হৃদয়ে বান্ধি ৰখা
বাই-ভনীৰ দৰে সম্পৰ্কটি নহয় তেজৰ।
আছিল মাথোন মনৰ।
কাঠৰ পুতলাটিৰ দৰে নাচি গৈছো কেৱল
সময়ৰ ঢৌবোৰত।
স্মৃতিবোৰ বৈ যাব নিৰৱ নদী হৈ।
©mousumi
M