A

// সপ্ত শ্বহীদ ০৭ প্ৰণাম ....//

মাজৰাতি কাৰোবাৰ উচুপনি,
টোপনি ভাঙিলে মোৰ,
সেয়া দেখোন মোৰ অসমী আইৰ....কান্দোন ।
গাঁওৰ, সিমুৰত বন্দুকৰ শব্দ।
ভাঁহি অহা মৰণৰ কিৰিলি
খন্তেকতে হ'ল নিস্তব্ধ ।
ভয়াবহ শিহৰন হ'ল- নিৰ্জন ।
বন্দুকৰ গুলিত, হয়টো প্ৰান গ'ল
হয়,এজন-দুজনৈক সাত জন শ্বহীদ হ'ল।
প্ৰভাতত তেজৰে ৰঙিলী হৈ অসম অশান্ত হ'ল।
কেউফালে দপদপকৈ জ্বলি উঠিল চিতাৰ জুই।
জীৱনৰ বাবে চকু মুদিল কেউজনে শুই।
নুমলীগড়, তেলগৰমৰ পংঙ্কাত হ'ল পৰিবেশ নষ্ট।
তেজৰ চেকুৰাবোৰ আজিও মলমলাই থাকে।
এতিয়া ভাবিলে দেহটো শিহঁৰি উঠে।
অসমীয়া ডেকা ল'ৰা শ্বহীদ হৈ ৰ'লা।
©atulgogoi