ভালে আছ নে তই
তাইজনীৰ লগত সুখী হ'ব পাৰিছ নে?
নে পুৰণি স্মৃতিয়ে চকুলো বাগৰাইছে
মনত পৰে নে?
মোৰ লগত পাৰ কৰা সেই সময়বোৰ
নে বেয়া কাগজ পেলোৱাৰ দৰে
মুচি পেলালি মোৰ মৰমবোৰ
আনৰ দুখৰ সমভাগি হ'বলৈ
এতিয়া কেনে অনুভৱ
মুকলি আকাশত মুক্ত মনে উৰিব পাৰিছ নে?
নে বন্দ্বীতৰ জীৱন কটাইছ
মই ভবাৰ দৰে নহ'বও পাৰে
হয়টো তই সুখী....সেইবাবে
মনত নপৰে এবাৰো ঘূৰি চাবলৈ মোলৈ
হাঁহি থাকিবি সদায় আপোনজনৰ লগত
কাজিয়া লাগি মনক কষ্ট নিদিবি
দুয়ো থাকিবি সদায় এনেকৈ
এখনি সুখৰ সংসাৰতৰি
©plbisaikia
P