নৈৰপাৰৰ এটি ৰ'দাময় আবেলি , আহঁতৰ ছাঁত বহি দেহমন শীতল পেলোৱা বতাহজাকৰ সৈতে কিছু শব্দবিহীন কথা পাতি.. ৰৈ আছো,সূৰ্যাস্তৰ অপেক্ষাত। ৰৈ আছো, মোৰ হেঙুলীয়া সপোনবোৰৰ গভীৰতা চোৱাৰ অপেক্ষাত। মেঘৰ টুকুৰাবোৰৰ মাজত বিচাৰি আছো কল্পনাৰ কাৰেং, আকাশ নামৰ নীলাৰঙৰ উকা পাতখনত। পৃথিৱীৰ আটাইবোৰ সুখ যেন ইয়াতেই লুকাই আছে.. পাহৰি যাও, জীৱনক লৈ থকা মোৰ অভিমানবোৰ; পৰিধিহীনাভাবে যেন ভাঁহি আহিব খোজে বুকুৰ পৰা অনুভৱৰ অন্তৰাগ।
©bikashbaba
B