A

{তাই এটা গোচৰ ৰুজু কৰিছে }

তাই মোৰ ওপৰত
এটা গোচৰ ৰুজু কৰিছে।
আদালতত.....।
তাই মোৰ ঘৈনী হোৱাৰ বাবে।
তাই, পৃথক জীৱন বিচাৰি
হাবাথুৰি খাই ফুৰিছে এতিয়া অথচ
তাই নিজেই নাজানে
মোৰ বুকুৰ গোপন বেথা।
তাই গোচৰৰ আগতেই
মইয়ো গোচৰ এটা ৰুজু কৰিছিলোঁ
তাইৰ, ওপৰত আদালতত.....।
যিহেতু তাই, মোৰ হৃদয়ৰ
দলিচাত বীজ ৰোপণ নকৰে হেনো।
এতিয়া তাইক ডাইভৰ্চ লাগে,
বিনিময়ত, মাহেকীয়া খোৰাকী।
মইয়ো, বিচাৰিছো আদালতত
মোৰ সংসাৰৰ সপোনবোৰ
ভাঙি যোৱাৰ খোৰাকী।
তাই এতিয়া আদালতত, মইয়ো আদালতত
কাঠৰ গঁৰালত বন্দীত্ব দুয়ো....আমি।
©atulgogoi