ক'লা বগা আৰু এপাহি ৰঙা গোলাপ লৈ
মোৰ হৃদয়ে তাইৰ সান্নিধ্য বিচাৰিছিল
কিন্তু এধানি অভিমান লুকাই
তাই এতিয়া দূৰ দিগন্তত..!
তাই আহিছিল
মোৰ জীৱনত পৰিভ্ৰমী পক্ষীৰ দৰে।
তাই কেশসজ্জা কৰি ভাল পাইছিল
কেতেকী তগৰ কপৌ বনফুলৰ স'তে
কিন্তু তাইৰ মেঘালী চুলি টাৰিত
সদায়ে জিলিকে লিগিৰী খোপা ।
ক'লা ৰঙ মোৰ প্ৰিয়...
বিয়া সভাত দেখিছিলো তাইক
ক'লা মেখেলা চাদৰ ক'লা টিপ
তগৰ ফুলেৰে সজোৱা খোপাৰ কেশবিন্যাস
হাতত ক'লা কঙ্কনৰ স'তে ,
উফ...! তাইৰ অলকানন্দা হাঁহিটি...
তাই চাগে নাজানে....
তাইৰ নেঘেৰী খোপাত কপৌ ফুল এপাহি
সোণতে সুৱগা চৰে
তাই হাঁহিলেই যেন মুকুতা স'ৰে ;
তাই মোক প্ৰেম শিকোৱালে
তাইৰ প্রতি মই প্ৰেমাসক্ত
কিন্তু প্ৰেমাস্পদ হ'ব নোৱাৰিলোঁ তাইৰ!
তাই আহিল মোৰ মনৰ মণিকোঠাত বহিল
ক্ষন্তেক জিৰাই এবুকু হতাশা দিলে
বেমানান অভিমান আৰু অবান্তৰ প্ৰশ্নৰ সৈতে
তাইৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ আগবঢ়ালে
মই বুজি পালোঁ
তাই এতিয়া সপোন ৰচিছে
ৰঙা শাৰী ৰঙা টিপ তেজৰঙা লিপষ্টিক
ৰঙা চুড়ি আৰু কৃষ্ণচূড়া ফুলৰ।
তাইক ৰ লাগি চাই দেখিলোঁ
তাই মোৰ নহয় আনৰ এতিয়া!
তাইৰ বুকুত সাৱটি
এবাৰ যদি মোক আলিংগন কৰিলে হেঁতেন
সেয়াই আছিল মোৰ শেষ বাসনা ।
তাই গুচি গ'ল মই আশাৰে বাট চাই ৰ'লো
তাইক চোৱাৰ তীব্ৰ তৃষ্ণা বুকুত ৰৈ গ'ল!
এদিন তাই অহা যোৱা বাটেৰে
হঠাৎ আতৰৰ সুগন্ধি ধূপৰ সুৰভিত
তাইৰ সুঘ্ৰাণ বিয়পিছে
তাই বগা গোলাপ ভাল পাইছিল ,
কোৱা নাছিল কেতিয়াও বগা সাজ-যোৰৰ কথা
তাই কিয় ৰৈ নিদিলে...!
তাই কিয় মোৰ নহ'ল?
তাইক চাই মোৰ হেঁপাহ পলোৱা নাই
আকৌ যদি তাই ওভতে
অদৃশ্য এনাজৰী বন্ধনে বান্ধিম
দুনয়ন মেলি প্ৰাণ খুলি তাইক চাম
তাইক চাবলৈ আৰু ভুল নকৰোঁ ।।
🖋️আব্দুল মজিদ
নলবাৰী
©abdulmazid
A