A

তেজ ✍ অতুল চন্দ্ৰ গগৈ ।

তেজ দুটি শব্দৰ জীৱন-মৰণৰ মায়াজাল ।
ৰঙা তেজ, ৰঙীন পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ
জীবনৰ অপৰিহাৰ্য্য ।
তেজ জীৱন পাবৰ বাবে
তেজ জীৱন ত্যাগৰ বাবে ।
ৰঙা তেজ মোৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে ।
তেজ মোৰ দেহৰ কেৱল ৰঙীন ৰক্ত কণিকা নহয় ।
নহয়, ফাগুনৰ বলিয়া কৃষ্ণৰ ফাকু।
তেজে তেজৰ শান্তিৰ বলিদান বিচাৰে ,
আৰু বিচাৰে নিজৰ মৰ্য্যদা -মান-সন্মান-মুল্য।
মোৰ তেজে সপোনবোৰ সাৰ্থক কৰিব বিচাৰে ।
মোৰ তেজে নিবিচাৰে নিৰীহ জনগণৰ ওপৰত
বন্দুকেৰে ফাকু খেলা কৰা ।
মাথোঁ বিচাৰে শান্তি-সমৃদ্ধি আৰু সৌন্দৰ্য্যৰ বতৰা ।
©atulgogoi