A

{ তোমাৰ বাবেই } 🖋অতুল গগৈ

তুমি ভবাৰ দৰে নহয়,
মোৰ মনৰ প্ৰেমৰ কবিতা।
মোৰ প্ৰেমৰ ভাঁজ লগা মনৰ কবিতাটো
জানোঁ পঢ়িব পাৰিছা?
প্ৰেমৰ জঠৰতাত কঁপি কঁপি,
বিশাল সাগৰৰ মাজত ভাঁহি আছোঁ মই
তুমি জানোঁ দেখিছা?
নাভাবিবা তুমি, মোৰ মন চঞ্চলা,
কিম্বা কঠিন শিলৰ টুকুৰা ....
শিলাময় পাহাৰো এদিন ক্ষয় হয়।
সময়ৰ সন্ধিখনৰ সোঁতত ।
বুকুত এচমকা বিশাল প্ৰেমৰ বৰফৰ
পাহাৰ সাঁচি থৈছোঁ, তোমাৰ বাবে!
যাতে তুমি আহি নজনাকৈ খুন্দিয়াই চূৰ্ণ-বিচুৰ্ণ হৈ পৰা সেইদিনা ।
"টাইটানিক" জাহাজৰ "জেক-ৰুচৰ" দৰে তোমাক
মোৰ প্ৰেমত ডুবাই দিম।
এনে এক, সাক্ষী কৰিম যুগ-যুগান্তলৈ
মোৰ সৰ্বোচ্চ উজাৰি
মাথোঁ, তুমি আহিলেই হ'ল।


©atulgogoi