দুখৰ ৰাতি,
মাজ নিশাৰ নিৰ্জনতাৰ
নিয়ৰৰ টোপালৰ দৰে
মোৰ চকুলো সৰে
টোপাল টোপাল কৈ!
তোমাৰ কথা ভাৱি!
মনত পৰে ৰিনিকি ৰিনিকি....।
ৰাতিৰ বাঁহীৰ সুৰত
ভাঁহি আহে
তোমাৰ মিঠা খিলখিল হাঁহি ।
মনৰ কোঠালীত তোমাৰ
বাউলী প্ৰেমৰ বতাহে
মনৰ ফুলনিত চুই যাই,
ক্ষন্তেকতে, মন মোৰ
উৰি যাই তোমাৰ ঠিকনা বিচাৰি ।
©atulgogoi
A