হৰিণী নয়ন যুৰিত কাজল লগাই
ভাল পোৱা, ছোৱালীজনী!
তোমাক আজি ভাল পাওঁ মই ।
দীঘলকৈ, মুৰৰ চুলিৰে ভৰা ,
ছোৱালীজনীক আজি ভাল লাগে মোৰ।
ওঠত, ৰঙাকৈ ৰঙ লগোৱা, ছোৱালী জনী
তুমি মোৰ চকুত, এজনী সৰগৰ মালিনী ।
বেঁকা চাৱনিৰে , মনৰ মৰম কাঢ়ি নিয়া
ছোৱালীজনী, তুমি বৰ আলসুৱা ।
তোমাৰ, ঠিকনা হে মোৰ বাবে আধৰুৱা ।
কিয়, বাৰু মোৰ কাষলৈ, আহি
মিচিকিয়াই হাঁহি মাৰি গুচি যোৱা ।
জানানে, তুমি হাঁহিলে....
ওৰে ৰাতি মোৰ টোপনি ভাঙে,
মাথোঁ, মনে ঘনে ঘনে তোমাৰ কাষলৈ
যাব খোজে......।
ঠিকনা বিহীন ছোৱালী জনীক নো
বিচাৰি যাওঁ কেনেকৈ?
যদিহে, দুচকুত কাজল সনা ছোৱালী জনীক
লগ পাওঁ আকৌ......!!!
চিঞৰি চিঞৰি তোমাৰ ঠিকনা বিচাৰিম.....।
তুমি, যিয়ে, নাভাবা কিয়.... ।
©atulgogoi
A