মই..!
মই কবিতা লেখো যাৰ ছন্দ তুমি
অংক কৰোঁ য'ত সূত্ৰ তুমি
গান লেখিলে কথাবোৰ তুমি
দূৰ দিগন্তলৈ চালে বিন্দু তুমি
শূণ্যবোৰৰ শূণ্যতাত শূণ্যস্থান জুৰি
এটি গধূৰ বোজা তুমি....
যন্ত্ৰণাৰ বোজা লৈ বুকুত
হাহাকাৰ কৰিছোঁ চিঞৰি চিঞৰি!
মোৰ বুকুত ঠাই বিচাৰি
ছদ্মবেশ লৈ পৰিভ্ৰমী পক্ষীৰ
কিয় সুবাস ল'বলৈ আহিছিলা তুমি?
চৌদিশে বিচলন কৰোঁ
পাহৰি যাওঁ....
তুমি যে এতিয়া আনলৈ সুখী ।
সমাজত মই মস্ত পাগল
তুমিহীন স্মৃতিবোৰো নষ্ট
মচিব খোজোঁ তোমাৰ ছবি
তুমি তুমি তুমি কৰি
এতিয়া মই নষ্ট কবি।।
🖋️আব্দুল মজিদ
নলবাৰী
©abdulmazid
A