সেই যে সিদিনা লগ পাইছিলো তোমাক,
সেই ৰাজআলিটোৰ কাষত
তুমি যে ওলাই আহিছিলা সেই কলেজখনৰ পৰা,
সিদিনা মই চিনি পাইছিলো তোমাক
কম-বেছি পৰিমাণে হ'লেও।
কিন্তু কতা, তুমি দেখোন;
তুমি দেখোন চিনিয়ে নাপালা
সেই সিদিনা অাৰু চিনি নাপালা অাজিও
তুমি জানানে, কিমান দুখ লাগিছিল মোৰ,
তোমাৰ মুখৰ পৰা সেইষাৰ কথা শুনি।
ভাবি পোৱা নাছিলো কি কৰিম সেই মুহূৰ্তত,
মই পোৱা নাছিলো বিচাৰি একো উপায়
বুজনি দিবলৈ তোমাক,
না কোনোবা আছিল মোক বুজনি দিবলৈ
যে তুমি ইমান সহজে হাৰ নামানিবা।
~সীমান্ত ৰায়।
©simanta
S