তুমি জানানে, তোমাৰ নামতো
শুনিলেই মনলৈ আহে তোমাৰ
সেই লাজকুৰীয়া মুখখনি,
মনলৈ আহে তোমাৰ
সেই মিচিকিয়া হাঁহিটি।
তোমাৰ নামতো শুনিলেই
মুখলৈ আহে এটি লাজকুৰীয়া হাঁহি
কেতিয়াবা আকৌ ভাবো
তুমি বুজি পাবা জানো
মোৰ এই সঁচা মৰম ভালপোৱা?
তুমি হবা জানো মোৰ
জীৱন মৰণৰ লগৰী?
©simanta
S