(তুমি মোৰ অচিনা বাটৰ লগৰী)
🖋 অতুল গগৈ ।
চকুৰ পতাত ক'লা ৰঙৰ কাজল
সানি ৰহন লগাই, মাত লগোৱা
সেই ছোৱালীজনী ,
তুমি মোৰ বাবে, অচিনাকী বাটৰ লগৰী।
ৰঙীন পখিলাৰ দৰে ,লাহী-পাহি
মুখত এটি ধুনীয়া মিচিকিয়া হাঁহি ।
চকুত -চকু থৈ কথা ক'লে
উত্তৰ নিদিয়া ,চিকিমিকি সন্ধিয়াৰ
সেই ছোৱালীছনী।
ভাল লাগিছিল, সন্ধিয়াৰ বতাহৰ সুৰত
ভাঁহি অহা শব্দবোৰৰ , চেঁচা বতাহ ছাটি ।
নাজানো ঠিকনা তোমাৰ,
মাথোঁ অনুভৱ হৈ ভাঁহি আহে
দূৰৈৰ পৰা এটি ৰিনিকি ৰিনিকি মিঠা হাঁহি
আৰু মাজ নিশা, আহে মোৰ ভাবনাৰ চকুত তোমাৰ ধুনীয়া মৰম লগা ছবিখনি।
( ধন্যবাদ)
©atulgogoi
A