তুমি নাই যদিও
তোমাৰ সেই মৰমবোৰ যেন একেই আছে
তুমি নাই..!
তথাপিও...
তোমাৰ আত্মাৰ স'তে
মোৰ আত্মাৰ মিলনত সৃষ্টি হোৱা
সেই সুগন্ধি বুকুত আজিও বিয়পে।
তুমি নাই !
কিন্তু...
মোৰ নামত যেতিয়া বাউলি প্ৰিয়া হৈ
ব্লেডেৰে হাত কাটি তেজাল চিয়াঁহীৰে
উকা কাগজখন ৰঙীন কৰিছিলা ,
সেই যে এখন বগা ৰঙৰ ৰুমালত
মৰমৰ এটি চুমা আঁকি
মোলৈ গোপনে পঠিয়াইছিলা ,
চিঠিবোৰ যতনত আছে...
ৰুমালটো এতিয়াও মোৰ পকেটত থাকে।
তুমি নাই যদিও
মোৰ ভ্রাম্যভাষ যন্ত্রৰ স্ক্রিনত
সেই পুৰণি মেছেজবোৰ আজিও আছে
দুপৰ নিশা কেতিয়াবা মোৰ চক্ষুপটত
সেই মৰম অভিমান ভালপোৱা বিচ্ছেদৰ
প্ৰতিচ্ছবিবোৰ ভাহি উঠে!
তুমি নাই
কিন্তু...
তুমি ৰাখি যোৱা স্মৃতিবোৰ
পাহৰিব নোৱাৰি।
সেই মেছেজবোৰ খুলিব নোৱাৰি
যন্ত্ৰণাৰ ওজন গধূৰ হ'ব বুলি!
তোমাৰ নাম্বাৰটো আছে
কিন্তু ফোন কৰিব নোৱাৰি,
কেতিয়াবা...
তোমাক চোৱাৰ তীব্ৰ তৃষ্ণা জাগে
অভিমানবোৰে অধিকাৰৰ বাট হেৰুৱাইছে যদিও
তোমাৰ ঘৰৰ ঠিকনা মই জানো
কিন্তু যাবহে নোৱাৰি।
তুমি নাই যদিও
তোমালৈ মোৰ মৰমবোৰ একেই থাকিব
আজীৱন মোৰ জানাজাৰ অন্তিম ক্ষণলৈ
আতৰ পৰা দি সুগন্ধি বিয়পি।
🖋️আব্দুল মজিদ
নলবাৰী
©abdulmazid
A