ঐ শেৱালি আজি নিশা নুফুলোনে
মোৰ বাগিচাখনিত...;
বাবু মোৰ বুকু পিঠি কঁকালত বৰ যন্ত্ৰণা
এই ফুল আজি ছিঙিবলৈ তুমি নাহিবা..!
মোৰ ছোৱালীৰ অসুখ...
মোৰ দেহত কিযে কষ্ট নৰ যাতনাৰ,
মই নাৰী মোৰো আছে জীৱন!
বুজিবলৈ চেষ্টা কৰা 👏
মই নাৰী মোৰ নাইনে কোনো নিজস্বতা...?
হাঁঃ...হাঁঃ...হাঁঃ.....
তই নাৰী বেশ্যা মই নষ্ট ল'ৰা
প্ৰতিনিশা মোক কেঁচা মঙহৰ ঘ্ৰাণে পগলা কৰে,
নাৰীৰ ৰাগীত মাতাল মই
মোক নালাগে ড্ৰাগ'চ মদ চিগাৰেট চাধা ৰজনীগন্ধা..!
হুম....আৰু কিমান কৰিবি ধৰ্ষণ,
আমি নাৰী কেৱল উপভোগৰ সামগ্ৰী নহয়,
মোৰ স্তনৰ ভাঁজে ভাঁজে তেজৰ নিশা চৰাই তঁহত
যৌনিৰ দুৱাৰত ধূসৰিত লাগে জীৱনধৰা মোক
পুৰুষ যাতনাত....!
ভোগ পলোৱা পুৰুষ তঁহত
হয়তো নাপাম নাম আমি বেশ্যা।
হয়.....!
ভদ্ৰ গলিৰ মই এটা নষ্ট ল'ৰা
কতনো বুজিম তঁহতৰ আবেগ ভৰা মায়া…!
কিন্তু জানো...
নাৰী মা নাৰী অৰ্ধাঙ্গীনি
নাৰী সতী নাৰী ডাইনী
লক্ষ্মী,সৰস্বতী ক্ৰোধত কালি
অবলা দুৰ্বলা ব্যাভিচাৰিনী
ঘৰত গৃহিণী পথত পতিতা..!
তুমি নাৰী নিজকে দুৰ্বল ভাৱি ভয় নাখাবা
নাৰীৰো আছে নিজস্বতা..;
নাৰী যেন এক বিশেষ আকৰ্ষণ পুৰুষলৈ!
নাৰীৰো আছে ছল,
কিছু নাৰীয়ে এক পুৰুষৰ ছত্ৰ ছাঁয়াত থাকিবো নুখুজে,
সেই সকলেইতো মুখা আঁৰৰ
ভদ্ৰ গলিৰ প্ৰকৃত বেশ্যা।
তুমিতো খুঁজা নাছিলা বেশ্যা হ'বলৈ,
অভাৱেই স্বভাৱ নষ্ট...!
সেয়ে বেশ্যা পাৰা হৈ পৰিল তোমালৈ একান্ত।
হাঁঃ...হাঁঃ...হাঁ....!
তুমিতো নহয় বেশ্যা
কিন্তু মই যে নষ্ট ল'ৰা...!
তুমি নাজানো....;
ৰাস্তাৰ চৌৰাইত অথবা পাণ দোকানত আড্ডা দিয়া
প্ৰতিজন ল'ৰাই নাপাতে ছোঁৱালীৰ কথা,
থাকিবো পাৰে হাতত মদ চিগাৰেট ৰজনীগন্ধা..!
তাত থাকে ডিগ্ৰীধাৰী ল'ৰাৰ বিলাপ,
বেকাৰত্বৰ অৱসান ঘটোৱাৰ কথা,
লুকাই থাকে সংসাৰ,
অথবা বৃদ্ধ মা-দেউতাৰ দুখৰ কথা!
এইবোৰ ভাৱোতেই সিহঁতৰ
দাড়ি চুলি দীঘল হৈ যায়,
শেষত ভদ্ৰ সমাজে নাম দিয়ে নষ্ট ল'ৰা।
মনত ৰাখিবা.….!
নাৰী সাধাৰণ কিন্তু জটিল
দুৰ্বল কিন্তু শক্তিশালী
দ্বিধাগ্ৰস্ত কিন্তু আকাঙ্খিত
বুজিবো নোৱাৰাকৈয়ে নাৰী অতি যাদুকৰী..!
আচলতে.....
তুমি নিজে কাৰোবালৈ ভাল
কাৰোবালৈ বেয়া,
যাৰ মানসিকতা যেনেকোৱা
মই তাৰ বাবে তেনেকোৱা....!
তুমি বেশ্যা তোমাৰো আছে
মন মানসিকতা,
মই নষ্ট ল'ৰা মোৰো আছে
বুজিবো পৰা ক্ষমতা।।।
📙 আব্দুল মজিদ
24/08/2021✍️
©abdulmazid
A