A

( তুমি সুধিছিলা যে মোক!)

তুমি সুধিছিলা যে মোক,
তোমাক মই কেনেকুৱা দেখো বুলি.....
আজি কৈ দিওঁ ।
হাঁহি নিদিবা আকৌ....
বহুত দিনৰ পৰাই ভাৱি আছিলো।
তোমাক ক'ম ক'ম বুলি....।
শুনা, তুমি মোৰ চকুত
ধুনীয়া এজনী মৰম লগা ছোৱালী ।
তোমাৰ হাঁহিটিয়ে ৰাতি ৰাতি মোৰ সপোন ভাঙে।
তোমাৰ দুটি নয়নে, মোক সদায়ে আমনি কৰে...।
মাজনিশা তোমাৰ মিঠা মিঠা
মাতটোৱে , হৃদয়ত ঢৌ তোলে.....।
তুমি মোৰ বাবে আকাশৰ ধুনীয়া
জোনৰ দৰে।
তুমি হাঁহিলে
মোৰ চকুত বিজুলী মাৰে।
তুমি মোক মৰমত মাতিলে
হৃদয়ৰ এচকুত প্ৰেমৰ বৰষুণ পৰে.....।
©atulgogoi