A

তুমি যদি

তুমি, যদি মোৰ হৃদয়ত
থিতাপি লোৱা,
মনৰ কোঠালীটো,
এবাৰ সজাম
তোমাৰ হাঁহিৰ দৰে।
তুমি মোৰ বুকুৰ
শব্দৰ অনুভূতিবোৰ
যদি জানিব খোজা,
তোমাৰ, ফুলনি বাগিছাৰ
মালী হ'ম।
তুমি, এবাৰ সন্ধ্যাৰ বতাহত
কানে কানে ক'লে হ'ল,
মনৰ,পখিলা বিহীন ফুলনিখন
নানান ৰঙীন ফুলে
শুৱনি কৰি থ'ম।
মাথোঁ, সন্ধ্যাৰ বাবে বাট চাই ৰ'ম।
©atulgogoi