A

// তুমিয়ে//

📝🖊 অতুল চন্দ্ৰ ।
অনুভৱ আৰু অনুভূতিৰ ৰহণবোৰ
মোৰ কোমল বুকুৰ মাজত সানিলা।
তুমিয়ে, আকৌ কবিতাৰ চন্দ্ৰৰ সৈতে
ধেমালি কৰিবলৈ শিকালা।
আবেলিৰ ৰামধেনুৰ ৰংবোৰ মোৰ দেহত
তুমিয়েটো বুলালা,
কবিতাৰ ভঁৰালত , তুমিয়েটো বহু
নতূন বীজৰ অংকুৰণ কৰালা,
শুকান, মৰহা গছৰ ডালকো ,
তুমিয়েটো , ভাল পাব শিকালা,
বহু ঘন অৰণ্যতো , মোক
তুমিয়েটো ,তোমাৰ সুবাস বিচাৰিব কৈছিলা ।
তুমি তুমি বুলি বহু ৰাতি আন্ধাৰক
দিলোঁ, এৰি....
কিজানিবা, আন্ধাৰৰ সুযোগত
এধানিমান মৰম দিয়া নেকি ঢালি ।।
©atulgogoi