A

যাযাবৰ

ধূসৰ বুকুত সুগন্ধি বিয়পাই
সঁচা প্ৰেমৰ আৱৰণে
ঢাকিছিলা মোক
যেতিয়াই...
পৰিধান কৰিবলৈ শিকিলোঁ
প্ৰতাৰণাৰ চাদৰে মেৰিয়াই
তোমাৰ চিৰ অন্তৰ্ধান!
তোমালৈ এতিয়া তিক্ত মই
দুখ কিংবা মিছা প্ৰেমৰ গল্প ;
ভালপোৱাৰ কামিজ পিন্ধি
মই যাযাবৰ ।।
🖋️ আব্দুল মজিদ
নলবাৰী
১৬/১০/২০২৪
©AbdulMazid